পৃষ্ঠা:গুৰুচৰিত.djvu/৮৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰা তান পাৱে ডাটি যাউক বাসনা কাটি
শিক্ষা শাস্ত্ৰ কৰিয়া যতন॥
শ্ৰৱণ কীৰ্ত্তন কৰা সুখে সংসাৰত তৰা
নেৰিবা মুখত ৰাম নাম।
ৰামচৰণে কয় যত সামাজিকচয়
নিৰন্তৰে বোলা ৰাম॥ ৪০০০

পদ

শুনা সভাসদসব কথা নিৰন্তৰ।
যেনমতে গৈলন্ত বোৱাৰী শহুৰৰ॥
পিতৃৰ ঘৰত যাই কতদিন আছে।
আত অনন্তৰে শুনা যেন ভৈলা পাচে॥ ৪০০১
শঙ্কৰৰ পত্নী আই মনে কৰে দুখ।
ৰাত্ৰি দিনে তাহৰ মনত নাহি সুখ॥
শঙ্কৰৰ পুত্ৰ হৰিচৰণক আনি।
কোমল মধুৰ কৰি বুলিলন্ত বাণী॥ ৪০০২
বোলে বাপ তুমি মোৰ বচনক শুনা।
মাতৃ সমে যাই পুৰুষোত্তমক আনা॥
কথা বাৰ্ত্তা কহি তাঙ্ক পঠাইলন্ত আই।
পাইলন্ত ঠাকুৰ পাচে চৌধাৰীৰ ঠাই॥ ৪০০৩