পৃষ্ঠা:গুৰুচৰিত.djvu/৮৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছিল শঙ্কৰ হৰি তাহান বোৱাৰী ধৰি
কিসক আনিয়া আছা তুমি।
আয়ু শ্ৰী হৰিবেক এৰি যেবে দিয়া তাঙ্ক
বুলিলো তোমাক সবে আমি॥ ৩৯৯৭
ঈশ্বৰৰ আনি ভাৰ্য্যা কেনে তুমি পাপ আৰ্জ্জ্য
কৰা তুমি কিসক অকৰ্ম্ম।
তুমি মহাসাধু সন্ত মহাগুণে গুণৱন্ত
জানা তুমি শাস্ত্ৰ বেদ ধৰ্ম্ম॥
হেন শুনি ৰাজা পাচে কৈলা তাসম্বাৰ আগে
বোলে আমি নাজানো ইকথা।
সুধিবে নালাগে আৰ পঠাই দিয়া যাউক বৰ
আপোনাৰ থান আছে যথা॥ ৩৯৯৮
অনন্তৰে দূতে যাই কৈলা চৌধাৰীৰ ঠাই
ৰাজাৰ আদেশ হেন ভৈলা।
নৃপতিৰ আজ্ঞা পাই আইক লৈয়া দুই ভাই
আপুনাৰ ঘৰে চলি গৈলা॥
ইসব কথাক থওঁ পাচে যিব ভৈল কম্ব
যত সামাজিক সাধু সন্ত
নাহি সুখ ঈশ্বৰৰ কিবা সাধ্য অপৰৰ
কোনজনে থিৰ হৈব আত॥ ৩৯৯৯
হেন জানি কৰা সাৰ শঙ্কৰত বিনে আৰ
নেদেখিবা কতো আন জন।