পৃষ্ঠা:গুৰুচৰিত.djvu/৮৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰে নাম কথা উজাগৰ তথা
 কাৰো নাই মনে সুখ। ৩৮০
শঙ্কৰে মনত চিন্তিয়া আছন্ত
 কৃষ্ণপাৱ দিয়া চিত্ত।
তিনি গুটি শ্লোক বৰ্ণাই ঈশ্বৰক
 কৰিলন্ত এক গীত।
পাৱ পৰিহৰি কৰোহে কাতৰি
 প্ৰাণ ৰাখ বিমোৰ।
এহি গীত গাই বিলাপ বৰ্ণাই
 ঈশ্বৰক তুতি কৰে।৩৮৮১
এহি কথা শুনি ৰাজা মনে গুণি
 বুলিলন্ত কৰি দুখ।
মই জ্ঞানশূন্য নাহি মোৰ পুণ্য
 নেদেখোহো তান মুখ।
বঞ্চিলক বিধিন ভৈলেক সিদ্ধি
 হৰি হৰি কিনো কৈলো!
মই মহা দীন গুৰুসেৱা হীন
 শৰণ আগে নলৈলো ৩৮৮২
এহিবুলি খেদ কৰি অবিচ্ছেদ
 থাকিলন্ত যেবে তথা।
শুনা সাধুজন কৰি থিৰ মন
 শঙ্কৰদৱৰ কথা॥