পৃষ্ঠা:গুৰুচৰিত.djvu/৮৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভকতসবক দিলা শিক্ষা বোধ
 সবাহায়ে গায়ে গায়ে।
হৰিৰ কীৰ্ত্তন কৰিয়া যতনে
 থাকিব পীৰিতি ভাৱে॥ ৩৮৮৩
শুনা ভক্তগণ আমাৰ বচন
 বোলো আমি তোমাসাক।
আমি যেন নয় মাধৱো তেনয়
 জানিবাহ সবে আক।
কৃষ্ণগুণ গাই থাকিবা সদায়
 মনক নিয়ম কৰি।
মোৰ বাক্য লৈয়া মাধৱক গৈয়া
 জানিবা বুলিয়া হৰি॥৩৮৮৪
মোৰ পুত্ৰ নাতি মানিবা সম্প্ৰতি
 হাত পাৱ বুলি মোৰ।
মোৰ ভাৰ্য্যা সতী ৰমানন্দ মাতৃ
 জানিবা ভৰি আমাৰ।
শুনি ৰমানন্দে মহাশোকে কান্দে
 পিতৃৰ চৰণে পৰি।
কৰি তুতি নতি কৰয় মিনতি
 হাতে কৃতাঞ্জলি কৰি। ৩৮৮৫
নেদিলাহ তুমি নাপাইলোহো আমি
 তোমাৰ কিছো সৰ্ব্বস্ব।