পৃষ্ঠা:গুৰুচৰিত.djvu/৮৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৈৱকী নন্দন দেৱ পতিতৰ গতি।।
তুমি বিনে তাৰন্তা নাহিকে যদুপতি॥
জীৱনে মৰণে মোৰ নছাৰোক নাম।
গুৰু হৃদয়ে ধৰি বোলা ৰাম ৰাম॥ ৩৮৭৮


শ্ৰীমন্ত শঙ্কৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ
দুলড়ী

আত অনন্তৰে শুনা শঙ্কৰৰ
 বৈকুণ্ঠপ্ৰয়াণ গতি।
পৰিলা নাপৰা গাৱত ফোহৰ
 ভৈলক তান সম্প্ৰতি।
ৰাত্ৰি দিন নাই বিষে ধাতু যাই
 গায় ধৰফৰ কৰে।
ভৈলে অথায়ন্ত গাৱৰ বিষত
 ধৰিলেক ঘোৰ জ্বৰে॥ ৩৮৭৯
দেখি ৰমানন্দ কৰন্ত বিষাদ
 মনত লাগিল চিন্তা।
নাহি অন্ন পানী পিতৃৰ ভাবনে
 বোলে হৰাইবেক পিতা॥
আনো ভক্ত যত আছয় লগত
 তাসম্বাৰ মনে দুখ।