পৃষ্ঠা:গুৰুচৰিত.djvu/৮৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১৪
গুৰু-চৰিত


গৃহক লাগিয়া আবে ৰাজা বাওঁ আমি।
কৰাইবো শৰণ যদি পাওঁ কৃষ্ণবাণী॥ ৩৭৬৩
হেন শুনি নৃপতিৰ আনন্দ মিলিলা।
তেতিক্ষণে শঙ্কৰে আপুন গৃহে গৈলা॥
মনত গুণিয়া গুৰু বাটে বাটে যায়।
ৰাজাক লাগিয়া একো নাপায় উপায়॥ ৩৭৬৪
নৰনাট এৰিবাৰ মনে কৈলা সাৰ।
বোলে তেবে এৰাইবোহো হাতক ইহাৰ॥
হেন কথা শঙ্কৰে মনত আলোচিয়া।
আত অনন্তৰে পাটবাউসী পাইল গৈয়া॥ ৩৭৬৫
দেখি বন্ধু বান্ধৱৰ আনন্দ মিলিলা।
মনে দুখ শোক কৰি এহিমতে ৰৈলা॥
শুনা সভাসদ পদ গুৰু যশ ৰস।
ভকতজনৰ ইটো পৰম সৰ্বস॥ ৩৭৬৬
শঙ্কৰ মাধৱ দুই পৰলোক বিত্ত॥
দুইৰো চৰণ চিন্তা কৰি এক চিত্ত॥
হৰিগুৰু চিন্তি কৰা বৈকুণ্ঠত বাস।
আপুনি লৈবন্ত হৰি কৰি নিজদাস॥ ৩৭৬৭
শঙ্কৰ মাধৱ দুই পাৱে মোৰ গতি।
জনমে জনমে হৌক হৰিত ভকতি।
দৈৱকীনন্দন মোৰ তুমি নিজ দেৱ।
তুমি বিনে মোহোৰ বান্ধৱ নাহি কেৱ॥৩৭৬৮