সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৮৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১৫
সপ্তম খণ্ড

বিষয় বসত মোৰ নিমজিল চিত্ত।
শৰণ ভজন হেৰুৱাইলো মূল বিত্ত॥
পশু যেন ভৈলো বন্দী মায়াজলে পৰি।
কৰোহো কাকূতি নিস্তাৰিয়ো দেৱ হৰি॥ ৩৭৬৯
পতিত পাৱন নাম কৰিয়ো সফল।
কৰিয়ো উদ্ধাৰ মোক ভকত বৎসল।
ভকতি মিনতি তুতি নজানো দুৰ্ম্মতি।
চৰণে শৰণ লৈলো কৰা মোৰ গতি॥ ৩৭৭০
ইহপৰলোকে গুৰু নছাৰিবা মোক।
জনমে জনমে ভকতৰ সঙ্গ হৌক॥
চৰণত ধৰো এহিমানে কৰা দায়া।।
বোলা ৰাম ৰাম দুৰ হৌক মোহ-মায়া॥ ৩৭৭১

⸺⸺

লেচাৰি

শ্ৰীমন্ত শঙ্কৰ দেৱহৰি   বাউলীত আছে দিন চাৰি
কৃষ্ণৰ কীৰ্ত্তন কৰিয়া হৰিৰ মনে।
হৰি কথা বিনে আন নাই   ৰাত্ৰি দিনে হৰিগুণ গাই
পৰম আনন্দে যতেক ভকতগণে॥
শঙ্কৰে কহন্ত ভাগৱত   বুঢ়াভাষ্যখানি পঢ়িলন্ত
উঠিল যুগুতি তাহাৰ অৰ্থ বিচাৰ।