পৃষ্ঠা:গুৰুচৰিত.djvu/৮২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একান্ত শৰণ যিটো লৱয় কৃষ্ণত।
হৰিময় দেখে সিটো সমস্ত জগত॥
শৰণ ভজন ভক্তি ব্ৰহ্মাণ্ডৰ বাজ।
হেন জানি ৰাজা তুমি এৰা ইটো কাজ॥ ৩৭৫৮
হৰিক ভজিয়া যিটো আন কৰ্ম্ম কৰে।
জানিব নিশ্চয় সিটো নৰকত পৰে॥
কদাচিতে তুমি নকৰিবা ইটো কাম।
পৰম পণ্ডিত তুমি গুণে অনুপাম॥ ৩৭৫৯
হেন জানি তুমি মোৰ বচন ধৰিয়ো।
ৰাজনীতি ধৰ্ম্মে থাকি প্ৰজাক পালিয়ো॥
হেন শুনি ৰাজা বুলিলন্ত শঙ্কৰক।
যেহি হোক আবে আমি ভজিবো কৃষ্ণক॥ ৩৭৬০
দেৱ-দেৱী সবাৰে এৰিলো মই আশ।
তোমাক মানিয়া গুৰু গাইবো কৃষ্ণ যশ॥
নিশ্চয় কৰিয়া আবে হৰিক ভজিবো।
কদাচিতো আমি আন কৰ্ম্ম নকৰিবো॥ ৩৭৬১
হেন শুনি শঙ্কৰে মনত গুণিলন্ত।
একখানি কথা পাচে গুণিয়া পাইলন্ত॥
একোৱে প্ৰকাৰে পাচে এৰাবে নপাৰি।
চিন্তিলা উপায় পাচে মনত বিচাৰি॥ ৩৭৬২
বোলে আৰ হাত এৰাইবে শক্তি নাই।
বুলিলন্ত তাঙ্ক পাচে আগ পাচ চাই॥