পৃষ্ঠা:গুৰুচৰিত.djvu/৮২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুৰু-চৰিত
সপ্তম খণ্ড

শ্ৰীশঙ্কৰৰ পাটবাউসী আগমন
পদ

হেন শুনি প্ৰশংসা কৰিলা নৰেশ্বৰ।
বোলে ধন্য ধন্য কিনে পণ্ডিত শঙ্কৰ॥
এহিমতে আদেশে থাকিলা সবে তথা।
শুনা আতপৰে আৰো যেন ভৈল কথা॥ ৩৭৫৪
একদিনা ৰাজা শঙ্কৰক মাতি আনি।
কোমল মধুৰ কৰি বুলিলন্ত বাণী॥
কৃষ্ণত শৰণ তুমি কৰায়ো আমাক।
নিশ্চয় কৰিয়া আমি বুলিলো তোমাক॥ ৩৭৫৫
হেন শুনি শঙ্কৰে বুলিলা মনে গুণি।
ৰাজাৰ শৰণ কোন শাস্ত্ৰে আছা শুনি॥
ৰাজা ভৈলে দেৱ-দেৱী পুজিবে লাগয়।
প্ৰজা পালি ৰাজনীতি ধৰ্ম্ম প্ৰৱৰ্ত্তয়॥ ৩৭৫৬
কিসক অধৰ্ম্ম তুমি কৰিবাক খোজা।
দেৱ-দেৱী শাপ দিবে নকৰিলে পূজা॥
হেন জানি ৰাজা নকৰিবা ইটো কৰ্ম্ম।
হৰি ভজি কি কৰিবা সিজিবে অধৰ্ম্ম॥ ৩৭৫৭