পৃষ্ঠা:গুৰুচৰিত.djvu/৮১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইতিপূৰ্ব্ব এনে বৃষ মই দেখা নাই।
পদুলি মুখত থাকি আছে উৰ্দ্ধে চাই॥ ৩৬৬৫
গুৰু বোলে উভতিয়া পুনু তোৰ যাই।
আছে কি নাই সিটো পদূলি ওলাই॥
উভতি কন্দলি আসি বোলে শঙ্কৰক।
নেদেখিলো বাপ মই সেহি বৃষভক॥৩৬৬৬
শঙ্কৰে বোলয় সিটো বৃষভ নহয়।
সিটো ধৰ্ম্ম জানা তযু গৃহত পশয়॥
প্ৰকৃতিৰ অংশ জানা তোমাৰ গৃহিনী।
তাতে পুনু শ্ৰীহৰিত লভিছে শৰণি॥ ৩৬৬৭
হেন সহধৰ্ম্মিনীক কৰিছা প্ৰহাৰ।
সিকাৰণে ধৰ্ম্ম জানা হইছে বিদূৰ॥
শীঘ্ৰ গৃহে যাই তুমি ভাৰ্যাক আদৰা।
আসিব উভতি ধৰ্ম্ম নিজক পাহৰা॥ ৩৬৬৮
কন্দলিয়ে শুনি কথা বিস্ময় মানিলা।
ঠঠ্ মঠ হুয়া পাচে প্ৰণাম কৰিলা॥
কন্দলি বোলয় গুৰু আপুনি ঈশ্বৰ।
যিবা দোষ হৈছে মোৰ কৰা পৰিহাৰ॥৩৬৬৯
এহি বুলি কন্দলি সৱাক কৰিলা।
যৰে যাই গৃহিনীক আদৰ কৰিলা॥
এহিমতে কতদিন কৰিলে যাপন।
উজনীৰ হন্তে আসে মুদৈ লোকজন॥ ৩৬৭০