পৃষ্ঠা:গুৰুচৰিত.djvu/৮১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰ্ম্ম হ্ৰাস কমে হুয়া আসিল সিথানে।
ভূঞা সমস্তই দুখ ভাবিলন্ত মনে॥
লোক সবে আসি বোলে প্ৰাৰ্থনা আমাৰ।
ধৰ্ম্মৰ ব্যাঘাত হৈল উজান ৰাজ্যৰ॥ ৩৬৭১
ভূঞাসবে নাও দিয়া পঠাইলা আমাক।
প্ৰাৰ্থনা কৰিছে বাপ নিবাক তোমাক॥
এতেকতে যাইবে লাগে আমাৰ লগত।
জন্মভূমি নষ্ট হয় অধৰ্ম্ম বলত॥ ৩৬৭২
প্ৰাৰ্থনা শুনিয়া গুৰু মনত ভাবিল।
হেনকালে মাধৱ উপস্থিত ভৈল।
মুক্তি কৰিলন্ত এক মাধৱৰ সঙ্গে।
মাধৱ বোলে বাপ যাইবাক লাগে॥ ৩৬৭৩
তুমি গলে হব পাৰে ভকতি প্ৰচাৰ।
গুণি চোৱা কিবা আমি কহিবো বিস্তাৰ॥
ঠাকুৰে শুনিয়া বেলে গুৰু জগতৰ।
সখিৰ সহায় আত লাগে আমাসাৰ॥ ৩৬৭৪
অনন্ত শকতি ধৰি জগত উদ্ধাৰা।
তভো মোৰ মত কৈলো যিবা ইচ্ছা কৰ॥
হেনকালে ভূঞালোক হই উপস্থিত।
পুছিলন্ত ভক্তিভাবে হুইয়া বিনীত॥ ৩৬৭৫
আমাসাৰ প্ৰতি বাপ হুয়োক সদয়।
দিয়োক আদেশ কোন দিনা যাত্ৰা হয়॥