পৃষ্ঠা:গুৰুচৰিত.djvu/৮১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুলিলন্ত যদি মোৰ প্ৰতি আছে দয়া।
মোৰ পদ কীৰ্তনত যোগ দিব দিয়া॥
শুনিয়া শঙ্কৰে কথা আনন্দ লভিলা।
পদ ৰচনাৰ তেহে অনুমতি দিলা॥ ৩৬৬০
পদ্মপুৰাণৰ মাজে নামধৰ্ম্ম পাবা।
কীৰ্ত্তনৰ ছন্দে তুমি তাহাক ৰচিবা॥
শুনিয়া কন্দলি ভৈলা হৰষিত মতি।
লিখিবে ধৰিলা তাক অতি শীঘ্ৰগতি॥ ৩৬৬১
কি কৰিলো কি কৰিলো ভকতি নকৰি।
অন্তকে পাইলেক পৰা ৰক্ষা কৰা হৰি॥
এহি অধ্যায়ৰ হন্তে ছয়টি অধ্যায়।
লিখিয়া দিলন্ত শঙ্কৰৰ হাতে যাই॥ ৩৬৬২
দেখিয়া দিলন্ত আতি আনন্দ লভিলা।
কীৰ্ত্তনৰ সঙ্গে তাক মিলাই ৰাখিলা॥
তাৰ পাচে কন্দলিয়ে মনোযোগ দিয়া।
ভাগৱত লিখিলন্ত স্কন্ধ চাৰি নিয়া॥ ৩৬৬৩
আসিলন্ত কন্দলি গুৰুৱে দেখিলা।
দেখা পাই গুৰুজনে কথাক পুছিলা॥
মুখত তোমাৰ দেখো ভয় ভাবৰ চিন।
কিহেতু হইছে তবু উৎকণ্ঠিত মন॥ ৩৬৬৪
কন্দলিয়ে বোলে পন্থে বৃষক দেখিলো।
দেখিয়া তাহাক মই আচৰিত ভৈলে।