এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৭৩
পঞ্চম খণ্ড
সেহি বস্তু মই সুধুই ঈশ্বৰে
কিমতে কৰো অৰ্পণ।
ঈশ্বৰক নেদি মই খাওঁ যদি
হুইবে দুষ্ট ভোজন।৷
এহি কথা শুনি ৰাজা মনে গুণি
পুছিলে সবে দ্বিজক৷
শঙ্কৰে যি কৱে সঁচা মিছা যিটো
তোৰসবে কোৱা মোক।৷৩৫৭১
শুনিয়া ব্ৰাহ্মণে থাকি মনে মনে
সিদ্ধান্ত একো নেদিল।
পাচে কন্দলীয়ে অকপট ভাৱে
সমিধান তাৰ দিল।৷
যি কলে শঙ্কৰ শুনা নৰবৰ
অলপো মিছা নহয়।
এহি কথা শুনি বিপ্ৰসবে গুণি
নমাতি থাকিল ৰই।৷৩৫৭২
তাত অনন্তৰে যি ভৈলা ঘটনা
এদিন ৰাজসভাত।
হৰিণ মাৰিলা মাংস আনি দিলা
ভকতি কৰিয়া তাত।৷
দেখি মহাৰায় মাংসক বিলাই
দিল সব সমাজক।