সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৭৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৭২
গুৰু-চৰিত

ব্ৰাক্ষ্মণসকলে সমাদৰে ললে
 পেলালে সমস্ত‍ে খাই॥
শঙ্কৰে তেতিয়া আদৰ কৰিয়া
 টুপলি বান্ধিয়া লৈল।
দেখিয়া ব্ৰাহ্মণ কৰি ৰঙ্গমন
 কলে পাই সেই ছল॥ ৩৫৬৮
দেখিয়ো ৰাজন আমি সর্ব্বজন
 ৰাজ প্ৰসাদক পাইলো।
সম্মান দেখাই আমি সমুদায়
 জালুক সন্তোষে খাইলো॥
আগতে দেখিলা শঙ্কৰে নখাইলা
 অৱজ্ঞা কৰি তোমাক।
এনে গর্ব্বৱন্ত শঙ্কৰ মহন্ত
 মানিব কিয় আমাক॥ ৩৫৬৯
শুনিয়া শঙ্কৰ দিলন্ত উত্তৰ
 শুনা শুনা সব কথা।
শুনিয়োক ৰাজ মোৰ আছে কাজ
 আছে জালুকৰ লেঠা॥
জালুক পকিলে গৃহস্থ সকলে
 পাৰি আনি ৰৌদ্ৰে দেই।
লগাই আঠু ভৰি বাঢ়নিৰে সাৰি
 যতে ততে দিয়ে থই॥ ৩৫৭০