পৃষ্ঠা:গুৰুচৰিত.djvu/৭৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩১
পঞ্চম খণ্ড

তুতি নতি ভক্তি কৰি এহিমতে থৈলা।
ঈশ্বৰক গুৰু পাই কৃতকৃত্য ভৈলাো॥
ব্ৰাহ্মণ স্বৰূপে কতোবেলি আসি হৰি।
আগতে অদৃশ্য ভৈলা উপদেশ কৰি॥ ৩৪০৯
বিষ্ণুপুৰি বোলে পূৰ্ব্ব পুণ্য আছে মোৰ।
ঈশ্বৰ কৃষক গৈয়া তাতে পাইলো চোৰ॥
ভাগৱত শাস্ত্ৰ পাচে অভ্যাস কৰিলা।
এহি কথা কহিয়া সন্ন্যাসী চলি গৈলা॥ ৩৪১০
অনন্তৰে শঙ্কৰদেৱেয়ো ৰঙ্গ মনে।
পৰম আনন্দে পৰি গৈলন্ত তেখন॥
ভকতসকলে মুখে ৰামনাম গাই।
গৃহক লাগিয়া ৰঙ্গে আসিলা উজাই॥ ৩৪১১
শুনা সভাসদ লীলা শঙ্কৰদেৱৰ।
সম্যকে অমৃত ভাণ্ড অন্তক পাপৰ॥
কলিত শঙ্কৰ বিনে গতি নাহি আন।
তাহান চৰিত্ৰে কৰে পাপক নিৰ্য্যাণ॥৩৪১২
নমো নমো জগতৰ গুৰু পিতামাতা॥
গুৰু পিতা মাতা মোৰ বান্ধৱ বিধাতা॥
হৃদয়ত থাকিয়া সুবুদ্ধি দিয়া মোক।
ইহ পৰলোকে ভকতৰ সঙ্গ হোক॥৩৪১৩
যৈতে তৈতে হৌক জন্ম মোৰ কৰ্ম্মভাগে।
নেৰো মই যেন তযু চৰণক আগে॥