পৃষ্ঠা:গুৰুচৰিত.djvu/৭৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২০
গুৰু-চৰিত

চৈতন্য গোসাই হেন কথা শুনিলন্ত।
শীঘ্ৰ বেগ কৰি তেহে খেদি আসিলন্ত ।।৩৩৪৮
কবীৰৰ শৱ তুলি লৈলন্ত কান্ধত।
চৈতন্য গোসাই তাঙ্ক ভসাইলা গঙ্গাত।।
যৱনৰ ৰাজা সুৰথান মহামতি।
শুনিলন্ত হেন সিটো কথাক সম্প্ৰতি॥৩৩৪৯
চৈতন্যক নিয়া পাচে সুধিল কথা।
কবীৰৰ শৱ কিক বইলা তুমি তথা।।
হেন শুনি বুলিলা চৈতন্য মহা সন্ত।
কিছু ভাগৱত কথা ৰাজাত কহন্ত ।।৩৩৫০
ব্ৰাহ্মণ ক্ষত্ৰিয় আমি নোহে চাৰি জাতি।
দশোদিশে গৈল দেখা আমাৰ খিয়াতি।।
চাৰিয়ে আশ্ৰমী দেখা নুহিকহো আমি।
নোহে ধৰ্ম্মশীল দান ব্ৰত তীৰ্থগামী॥৩৩৫১
দৈৱকীৰ পুত্ৰ যিটো গোপীভৰ্ত্তা স্বামী।
তাহাৰ দাসৰ দাস দাস ভৈলো আমি।।
শাস্ত্ৰ মত দেখাই নৃপতিৰ আগে কৈলা।
অনন্তৰে আপুনাৰ ঘৰে চলি গৈলা ॥৩৩৫২
যেনমতে ৰাজা দুখ দিল কবীৰক।
শঙ্কৰৰ আগে কৈলা সিসব কথা।।
বহুতৰ গুণলীলা চৰিত্ৰ অপাৰ।
সাধু গোবিন্দৰ কথা সংসাৰতে সাৰ ।।৩৩৫৩