পৃষ্ঠা:গুৰুচৰিত.djvu/৭৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭১৯
পঞ্চম খণ্ড

গৃহক নাসিলা কৈৰপৰা অনন্তৰে।
কিবা কৈলে বুলিয়া মনত দুখ কৰে।।
বােলে কি কাৰণে হেন বিষয় কৰিলাে।
সুৱৰ্ণৰ কাড় কৰি কাকক হানিলাে ।।৩৩৪৩
ছাইৰ অর্থে পুৰিলােহাে মলয়া চন্দন।
গজ হস্তী যাই আগে নকৰিলাে মন।।
গৃহাশ্রম বিষয়ত কোনে হােৱে থিৰ।
এহি বুলি খেদ বৰ কৰন্ত কবীৰ ॥৩৩৪৪
যিটোজনে বােলে ভৈলাে গৃহতে উদাস।
জানিহা ভৈলােহো দাসৰ মই দাস।।
হেন অনুতাপ কৰি কতােবেশি আছে।
মায়াবী কপিলা হৰি উঠি গৈলা পাচে ।।৩৩৪৫
আৰােবাৰ গৈলা মৰা কপিলৰ ঠাই।
দেখিলন্ত কবীৰে তাহৰ শৱ নাই।।
জানিলন্ত তেনে কৃষ্ণৰ মায়া বুলি।
গীত গাই নাচিবে লাগিলা হাত তুলি।।৩৩৪৬
কৃষ্ণৰ চৰণ চিন্তি এহিমতে ৰৈলা।
কতােকাল আসি তেন্তে বৈকুন্ঠক গৈলা।।
মৰিল কবীৰ তাঙ্ক কেহো নুচুৱয়।
হিন্দুৱান নাম লৈলে যৱনে বােলয় ।।৩৩৪৭
হিন্দুৱে বােলয় কোনে চুইবে যৱনক।গৃহক নাসিলা কৈৰপৰা অনন্তৰে।
কিবা কৈলে বুলিয়া মনত দুখ কৰে।।
বােলে কি কাৰণে হেন বিষয় কৰিলাে।
সুৱৰ্ণৰ কাড় কৰি কাকক হানিলাে ।।৩৩৪৩
ছাইৰ অর্থে পুৰিলােহাে মলয়া চন্দন।
গজ হস্তী যাই আগে নকৰিলাে মন।।
গৃহাশ্রম বিষয়ত কোনে হােৱে থিৰ।
এহি বুলি খেদ বৰ কৰন্ত কবীৰ ॥৩৩৪৪
যিটোজনে বােলে ভৈলাে গৃহতে উদাস।
জানিহা ভৈলােহো দাসৰ মই দাস।।
হেন অনুতাপ কৰি কতােবেশি আছে।
মায়াবী কপিলা হৰি উঠি গৈলা পাচে ।।৩৩৪৫
আৰােবাৰ গৈলা মৰা কপিলৰ ঠাই।
দেখিলন্ত কবীৰে তাহৰ শৱ নাই।।
জানিলন্ত তেনে কৃষ্ণৰ মায়া বুলি।
গীত গাই নাচিবে লাগিলা হাত তুলি।।৩৩৪৬
কৃষ্ণৰ চৰণ চিন্তি এহিমতে ৰৈলা।
কতােকাল আসি তেন্তে বৈকুন্ঠক গৈলা।।
মৰিল কবীৰ তাঙ্ক কেহো নুচুৱয়।
হিন্দুৱান নাম লৈলে যৱনে বােলয় ।।৩৩৪৭
হিন্দুৱে বােলয় কোনে চুইবে যৱনক।
দুয়ােবিধ জাতি বােলে নােচো কবীৰক।।

দুয়ােবিধ জাতি বােলে নােচো কবীৰক।।