এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯৩
পঞ্চম খণ্ড
কৃষ্ণৰ কীৰ্ত্তন কৰি তীৰতে বহিলা।
পৰম আনন্দে সবে নিশাকো বঞ্চিলা॥৩২১৭
নিয়ম কৰিয়া পাচে গৈয়া স্নান কৈলা।
তাত পাচে জগন্নাথ ক্ষেত্ৰে চলি গৈলা॥
মুখে ৰামনামক কীৰ্ত্তন সদা কৰে।
কৃষ্ণৰ চৰিত্ৰ লীলা কহন্ত শঙ্কৰে॥৩২১৮
জগন্নাথে শঙ্কৰক স্বপ্নত দেখি্লা।
আগবাঢ়ি আসিবাক পাণ্ডাক পাঞ্চিলা॥
মনত হৰিষে চলি গৈলন্ত শঙ্কৰ।
পথত পাইলন্ত খেদি পাণ্ডা নিৰন্তৰ॥৩২১৯
শঙ্কৰক দেখি সবে প্ৰণামিয়া পৰি।
মহাপ্ৰসাদক সবে দিলন্ত সাদৰি॥
জগন্নাথ বাৰ্ত্তাক শঙ্কৰে ৰঙ্গমনে।
সুধিলন্ত কথা কহিলন্ত পাণ্ডাগণে॥৩২২০
মহাপ্ৰসাদক বসি ভোজন কৰিলা।
আগে পাচে বাদ্য বাই কৌতুহলে গৈলা।
জগন্নাথ দৌলে বাই প্ৰবেশ ভৈলন্ত।
সাতবাৰ ফুৰি প্ৰদক্ষিণ কৰিলন্ত॥৩২২১
জগন্নাথ দৰশন ভৈলা অনন্তৰে।
মনত হৰিব ভাগ্য মিলিলা শঙ্কৰে॥
জগন্নাথে ৰঙ্গমনে শঙ্কৰক দেখি।
দুইকো দুই চাহি মুখ নিৰে্খি নিৰেখি॥৩২২২