পৃষ্ঠা:গুৰুচৰিত.djvu/৭০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯২
গুৰু-চৰিত

আলাইয়া ভকতৰ সঙ্গ যদি হয়।
আসিয়োক একে কালি দেখিবা নিশ্চয়॥
এহি বুলি নিয়ম কৰিয়া তেন্তে ৰৈলা।
ভকতসকলে হৰি কীৰ্ত্তন কৰিলা॥৩২১২
আনন্দে থাকিলা ভক্তে গুৰুবাক্য ধৰি।
কৃষ্ণক আৰাধি সবে একচিত্ত কৰি॥
গঙ্গামাৱে শঙ্কৰক স্বপ্নত দেখিলা।
আগবাঢ়ি আসিবাক মনে আলোচিলা॥৩২১৩
আনদিনা প্ৰহৰেক বেলা যেবে ভৈলা।
হিল দল ভাঙ্গি পাচে খেদি আসি পাইলা॥
হৰ হৰ কৰি তৃণ বনক কম্পাই।
গঙ্গাক দেখিয়া ভক্তসবে আছে চাই॥৩২১৪
চক্ৰাকাৰ কৰি আসি কুণ্ড পাতি ৰৈলা।
নাপিতক মাতি সবে কামক কৰাই্লা॥
ৰামৰাম গুৰু শঙ্কৰক জগাইলন্ত।
নিয়ম সংযমে গঙ্গা স্নান কৰিলন্ত॥৩২১৫
কৰিলন্ত স্নান পাচে সবে ভক্তিগণে।
দান দক্ষিণাক দি্লা হৰষিত মনে॥
স্নান দান ৰঙ্গমনে কৰিলন্ত যেবে।
নমস্কাৰ কৰি গঙ্গা চলি গৈলা তেবে॥৩২১৬
শঙ্কৰে হৰিৰে যাই গঙ্গা পাৰ ভৈলা।
অনন্তৰে ক্ৰমে গৈয়া তীৰ্থ প্ৰবেশিলা॥