পৃষ্ঠা:গুৰুচৰিত.djvu/৭১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯৪
গু্ৰু-চৰিত

জগন্নাথে শঙ্কৰক টোপ গোট দিলা।
আনে নেদেখিলা তাক মাধৱে দেখিলা॥
দুইকো দুই চাহি কতোবেলি আছিলন্ত।
ভকতসকলে দেখি আনন্দ কৰন্ত॥৩২২৩
অনন্তৰে আসি নাট মন্দিৰে বসিলা।
মহাপ্ৰসাদকো সবে ভোজন কৰিলা॥
পাণ্ডাগণে শঙ্কৰক প্ৰণাম কৰিলা।
কৰইলা ভোজন নিয়া বাসা ঘৰ দিলা॥৩২২৪
মুখ্য মুখ্য পাণ্ডাসবে শঙ্কৰৰ লগে।
মনত হৰিব বাঢ়ি যাই অনুৰাগে॥
কৃষ্ণ বলভদ্ৰ তান সুভদ্ৰা ভগিনী।
ৰাত্ৰি দিনে শঙ্কৰৰ ঠাই আসে তিনি॥৩২২৫
শঙ্কৰে সহিতে কথা কহিয়া থাকন্ত।
সিসব বৃত্তান্ত ভক্তসবে নজানন্ত॥
দেখিলন্ত অনন্তেৰ বিপৰীত কাম।
মাধৱত চিকুনত কহিলা বলোৰা॥৩২২৬
হেন দেখি মাধৱৰ বিমোহিত মন।
মনে মনে ৰৈলা চিন্তি গুৰুৰ চৰণ॥
ব্ৰহ্মপুৰাণক চাই শঙ্কৰে কহন্ত।
যেনমনে জগন্নাথ বেকত ভৈলন্ত॥ ৩২২৭
এহিমতে তৈতে পাচে দিনা পাঞ্চ আছে।
শুনা ৰামৰাম ভক্তে যেন কৈলা পাচে॥