পৃষ্ঠা:গুৰুচৰিত.djvu/৭০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯১
পঞ্চম খণ্ড

ৰামৰায় দিলা ডাক কাটে মাৰে বুলি।
শুনিয়া ভকতে খেদি গৈলা ভাঙ্গ তুলি॥ ৩২০৬
জাৰি খুৰি বেলা বাড়ী নিলে সবে লুৰি।
শুধা হাতে আসিলন্ত বৰ গুৰি ॥
বোলে তযু বাক্য বাধি গৈলো মন্দমতি।
সিকাৰণে ভৈলা মোৰ হেনসে বিপত্তি॥ ৩২০৭
শঙ্কৰে বোলন্ত হেন কাম নকৰিবা।
মোৰ সঙ্গ এৰি আন থানে নৰহিবা।
শঙ্কৰে হৰিষ মনে এহিমতে ৰৈলা।
শুনা তাত পাচে আৰো যেন কথা ভৈলা ॥ ৩২০৮
গঙ্গাতীৰে আছে এক ব্ৰাহ্মণৰ বাড়ী।
পৰম অধৰ্ম্মী বেশ্যা তাই মহা ৰাখী।
পৰ পতি হতে পাচে তাই গৰ্ভ ভৈলা।
সেহি গৰ্ভ বাই তাই গঙ্গাত খসাইলা॥ ৩২০৯
হেন দেখি গঙ্গামাৱে মনে দুখ কৰি।
তিনিপৰ বাট গৈলা শিশুটিক এৰি॥
সিসব কথাক যেবে সবয়ো শুনিলা।
মৰি সুতি গঙ্গা পাই শঙ্কৰে বসিলা॥ ৩২১০
হেন শুনি ভকতৰ মনত অসুখ।
ব্ৰাহ্মণীক ধিক্কাৰ কৰন্ত কৰি দুখ॥
শঙ্কৰে বোলন্ত শুনাৰাম ৰাম মিতা।
ইহাক লাগিয়া কেহো নকৰিবা চিন্তা॥ ৩২১১