পৃষ্ঠা:গুৰুচৰিত.djvu/৭০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯০
গুৰু-চৰিত

গুৰুৰ চিত্তক লক্ষি মাধৱে আছয়।
মনে মনে যাই শুনি কিছো নবোলয়॥
আপুনি সৰ্ব্বজ্ঞ যোগেশ্বৰ হৃষীকেশ।
প্ৰপন্ন জনক মাত্ৰ দেয় উপদেশ॥৩২০১
মুকুতসবৰ মন টানিয়া আনয়।
হেনয় কৃষ্ণৰ মনোহৰ যশচয়॥
আনো অৱতাৰ যত বিভূতি আছয়।
কৃষ্ণৰ ৰহস্য লীলা অনেকো জোৰয়॥৩২০২
অসংখ্যাত কৃষ্ণলীলা কৰিলা সম্প্ৰতি।
তাক কহিবাৰ আছে কাহাৰ শকতি॥
এহিমতে যেবে গঙ্গাতীৰক গৈলন্ত।
পৰম হৰিৰে এক গ্ৰামে ৰহিলন্ত॥৩২০৩
আৰোবাৰ গজাস্নান কৰে যি বাটত।
কতোবেলি পাই তাক সোধয় লোকত॥
সেহিবেলা ৰামৰায় পৰম মহন্ত।
শঙ্কৰৰ লগ এৰি ভিনে ৰহিলন্ত॥৩২০৪
শঙ্কৰে বোলন্ত ৰাম ৰহো এক ঠাই।
গুৰুবাক্য বাধি ৰৈলা আন থানে যাই॥
চৰ্ণত ৰহিলা তাত গ্ৰাম বাড়ী নাই।
কৰিলন্ত তাত গ্ৰাম বাড়ী নাই॥৩২০৫
ডকাইতে দেখিয়া মনে মনে চুপি আছে।
পাঞ্চগোট বঙ্গালে ধৰিলা খেদি পাচে॥