পৃষ্ঠা:গুৰুচৰিত.djvu/৬৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬৯
পঞ্চম খণ্ড

আত অনন্তৰে শুনা আৰো এক কথা ৷
বিশিষ্ট ব্ৰাহ্মণে এক মিলিলন্ত কথা॥
বৈকুণ্ঠনাথ নামে ব্ৰাহ্মণ একজন৷
আহিলন্ত নগৰত পণ্ডিত গহন॥৩১১৫
বিখ্যাত পণ্ডিত হন্ত তান্ত্ৰিক ব্ৰাহ্মণ৷
দেশ মধ্যে গণ্যমান্য জানে সৰ্ব্বজন॥
শুনিলন্ত কথা তেহো লোকৰ মুখত৷
ব্ৰাহ্মণে ধৰিলে ধৰ্ম্ম শূদ্ৰ শঙ্কৰত॥৩১১৬
কথা শুনিলন্তে খঙ্গ কৰিলন্ত অতি৷
পাটবাউসী ধামে নাৱে কৰিলন্ত গতি॥
দামোদৰ গৃহে গৈয়া ভৈল উপস্থিত৷
দেখি বিপ্ৰে আদৰিল হুয়া আনন্দিত॥৩১১৭
বসিলা আসনে আৰো পখালিলা ভৰি৷
সুধিলন্ত কথা পাচে সমাদৰ কৰি॥
কৈৰ পৰা আসিলাহা কিবা প্ৰয়োজন৷
কোৱা বাপ অনুগ্ৰহে শান্ত হৌক মন॥৩১১৮
শুনি কবিৰত্নে বোলে খঙ্গ মন কৰি৷
শুনিলোহো নৱৰূপ ধৰ্ম্ম আছা ধৰি॥
শঙ্কৰৰ মুখে ধৰি বৈষ্ণৱ ধৰ্ম্মক৷
দিলাহা কলঙ্ক তুমি বিপ্ৰ সমাজক॥৩১১৯
তৰ্ক কৰি খণ্ডা তুমি মোহোৰ মতক৷
নত কৰা পৰিহাৰ বৈষ্ণৱ ধৰ্ম্মৰ॥