পৃষ্ঠা:গুৰুচৰিত.djvu/৬৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬৮
গুৰু চৰিত

হাতযোৰ নমি পুনু কহিবাক লৈলা।
আশীৰ্ব্বাদ কৰি মাধৱক প্ৰশংসিলা॥৩১০৯
মাধৱে বোলন্ত তুমি পৰম পণ্ডিত।
তযু শ্লোক পঢ়ি আমি ভৈলো বিমোহিত॥
বিপ্ৰক প্ৰশংসা কৰি এহিমতে ৰৈলা।
অনন্তৰে সবে পাটবাউসীক গৈলা॥ ৩১১০
শঙ্কৰৰ আগে গৈয়া ভৈলা উপসন।
পৰি প্ৰণামিলা সবে গুৰুৰ চৰণ॥
মাধৱে কহিলা আদি অন্ত কথা যত।
যেনমতে কুষ্ঠৰোগ জাৰি গুচাইলন্ত॥ ৩১১১
শঙ্কৰে বোলন্ত তুমি শুনা ৰামৰাম।
কৰা ব্ৰাহ্মণৰ তুমি উপদেশ কাম॥
হেন শুনি ৰামৰামে কৰযোৰ ভৈলা।
চক্ৰপাণি ব্ৰাহ্মণক উপদেশ দিলা॥ ৩১১২
শঙ্কৰে কহিলা পাচে শৰণ বুজাই।
দৈৱকীৰ পূত্ৰ বিনে দেৱ আন নাই॥
কৃষ্ণৰ চৰণ শিৰে শৰণ কৰিলা।
কৃতকৃত্য ভৈলো বুলি মনত মানিলা॥৩১১৩
শঙ্কৰে হৰিৰ মনে থাকিলন্ত এথা।
গৈলা চক্ৰপাণি থান আপোনাৰ যথা॥
নাৰায়ণে আনি আৰো ভকত কৰাইলা।
শঙ্কৰে জানিল সবে এক ঠাই ভৈলা॥ ৩১১৪