পৃষ্ঠা:গুৰুচৰিত.djvu/৬৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭০
গুৰুচৰিত ৷

দামোদৰে বোলে মই দন্দ্ব নুহি কৰো।
কলিৰ নিমিত্তে উপযুক্ত ধৰ্ম্ম ধৰো॥৩১২০
নাম ভিন্ন কলিত অন্যত্ৰে গতি নাই।
নাৰদৰ বাক্যে আৰু লৈয়োক প্ৰত্যয়॥
হৰিনামে হৰিনামে নামেসে নিশ্চয়।
মোহোৰ জীৱন বুলি নাৰদে কহয়॥৩১২১
নাম ভিন্ন কলিত অন্যত্ৰে গতি নাই।
এহি মহাবাক্যে বেদে কহিয়া আছয়॥
কবিৰত্নে বোলে ব্ৰাহ্মণৰ জন্ম লই।
পঞ্চ দেৱতাক পূজা কৰিতে লাগয়॥৩১২২
নকৰি গায়ত্ৰী বিপ্ৰে কৰয় ভোজন।
চাণ্ডাল সদৃশ জানা হয় সিটো জন॥
তেনেহলে পেলাই দিয়া লগুণ তোমাৰ।
নাহিকে নিত্যকৰ্ম্ম ব্ৰাহ্মণ জন্ম বাৰ॥ ৩১২৩
শুনি দামোদৰে হাসি বচন বোলয়।
অসাৰ কথাত মাত্ৰ তৰ্কহে বাঢ়য়॥
জানা বাপু যি মন্ত্ৰ বাক্যে পূজয় দেৱক।
সি অৰ্থে বুজায় মাত্ৰ ঈশ্বৰ কৃষ্ণক॥ ৩১২৪
দেখিবা বাহিৰে আন নাম মাত্ৰ কয়।
অৰ্থে কিন্তু মূলাধাৰ কৃষ্ণক বুজায়॥
গনেশ শব্দৰ অৰ্থ ধাতু গত হলে।
ভূত শ্ৰেষ্ঠ কিম্বা ভূত ঈশ্বৰত মিলে॥৩১২৫