পৃষ্ঠা:গুৰুচৰিত.djvu/৬৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৯
পঞ্চম খণ্ড

তুমি মহামিত্ৰ মোৰ সম্বন্ধী কুটুম্ব।
দয়া কৰি মাতা যদি লাগে খাব চুব॥ ২৯২৪
নৱ পাগ পাতিলা কৰিবা ভাল কৰি।
সকলে ভকত মোৰ লগে যাই লৰি॥
প্ৰভাতৰ প্ৰসঙ্গ কৰিয়া কালি যাাইবো।
তযু ঘৰে পাগ কৰি অন্নক ভুঞ্জিবো॥২৯২৫
এহি বুলি চৌধাৰীক দিলন্ত পঠাই।
আউৰ দিনা গৈলা সবে মুখে নাম গাই॥
চৌধাৰীৰ ঘৰ বাই পাইলন্ত শঙ্কৰে।
আগবাঢ়ি নিলা আসি পৰম সাদৰে॥ ২৯২৬
আসনে বসাইলা নিয়া পখালিলা ভৰি।
নমস্কাৰ কৰিলন্ত নম্ৰভাৱে পৰি॥
ৰমানন্দে সিদ্ধ কৈলা শঙ্কৰৰ অন্ন।
ভক্তসবে বসি ৰঙ্গে কৰিলা ভোজন॥ ২৯২৭
দিলন্ত চৌধাৰী আনি বস্ত্ৰ অলঙ্কাৰ।
শঙ্কৰক দিল হেম কুণ্ডলৰ হাৰ॥
ঠাকুৰক দিল ধন-বস্ত্ৰ সেহি ভাৱে।
ভকতসবকো আনি দিলা গাৱে গাৱে॥২৯২৮
এহিমতে বস্ত্ৰে ধনে সবাকো তুষিলা।
সপূত্ৰ বান্ধৱে পৰি নমস্কাৰ কৈলা॥
পুনু পুনু চৌধাৰী পৰিয়া তুতি বুলি।
শঙ্কৰৰ চৰণৰ লৈলা মাথে ধূলি॥২৯২৯