পৃষ্ঠা:গুৰুচৰিত.djvu/৬৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩০
গুৰু চৰিত

শঙ্কৰে বোলন্ত মিত্ৰ শুনিয়োক তুমি।
সবান্ধৱে কুশলে থাকিয়ো যাওঁ আমি॥
এহি বুলি শঙ্কৰ লৰিলা গিৰিসাই।
থৈলন্ত চৌধাৰী ৰঙ্গে আগক বঢ়াই॥ ২৯৩০
অনন্তৰে উঠিলা নৌকাত সবে যাই॥
হৰিধ্বনি কৈল ভক্তে হাতে বৈথা বাই৷
আপুনি কাণ্ডাৰি গুৰু বৰি ৰঙ্গ মনে।
ভক্তসবে হৰিধ্বনি কৰে ঘনে ঘনে॥ ২৯৩১
বোলে এহি ভাৱে গুৰু সংসাৰ তাৰিবা।
হেনমতে বৈঠা বাই বৈকুণ্ঠক নিব॥
সবাৰো চক্ষুৰ নীৰ প্ৰেমে বহি যাই।
পৰম প্ৰেমত আনন্দৰ পাৰ নাই॥ ২৯৩২
পৰম হৰিষে বৰপেটা বিলে যাই।
কুতূহল কৰি মনে হৰি গুণ গাই॥
এহিমতে যাই ভক্তে কৰি ৰঙ্গ কেলি।
হলায়ুধৰ বাট পাইলা কতো বেলি॥ ২৯৩৩
দেখে হলায়ুধ জলে নামিয়া আছন্ত।
মাধৱ গুৰুৱে শঙ্কৰক দেখাইলন্ত॥
জলাঞ্জলি কৰি মন্ত্ৰ সূৰ্য্যক জপয়।
হেন দেখি ভক্তে সমে শঙ্কৰে ছাসয়॥২৯৩৪
বোলন্ত ভকত ইটো সূৰ্য্যকেসে পূজে।
সকামী জনেস অন্য দেৱতাক ভজে॥