পৃষ্ঠা:গুৰুচৰিত.djvu/৬৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হেন দেখি ৰামৰামে স্ৰুচ লৈলা তুলি।
অগনিত দিলা হোম মুখে মন্ত্ৰ বুলি॥
চতুৰ্ভিতি বেঢ়ি লোকে কৰে জয়নাদ।
কাহালি মৃদঙ্গ ঢোল কৰতাল বাদ্য॥ ২৯১৯
সুৱৰ্ণৰ ঘট ঝাৰি খুৰি অলঙ্কাৰ।
দিলন্ত চৌধাৰী বস্ত্ৰ উছৰ্গা কণ্যাৰ॥
দাসী দাস বেনু কংস পাত্ৰ আদি দিলা।
সাভাসদ জনে আনে লোকে উছৰ্গিলা॥ ২৯২০
এহিমতে ৰঙ্গে ভৈলা বিবাহৰ কৰ্ম্ম।
বিসৰ্জিলা সভা সুমৰয় ধৰ্ম্ম ধৰ্ম্ম॥
পণ্ডিত ব্ৰাহ্মণসব আছিলেক যত।
বথোচিত তাসম্বাক দক্ষিণা দিলন্ত॥ ২৯২১
শঙ্কৰে হৰিষ মনে এহিমতে ৰৈলা।
তিনিদিন পাচত জ্ঞাতিক অন্ন দিলা॥
ভকতকে ভুইলা বস্ত্ৰ গায়ে গায়ে দিলা।
হৰি কীৰ্ত্তন কৰি আনন্দে থাকিলা॥ ২৯২২
চৌধাৰী আসিলা পুনু শঙ্কৰৰ ঠাই।
কৰযোৰে বুলিলন্ত কাকুতি বিনাই॥
মোৰ ঘৰে যাই তুমি মাঙ্গল্য কৰিয়ো।
এক সন্ধ্যা অন্ন ভুঞ্জি মোক নিস্তাৰিয়ো॥ ২৯২৩
হেন শুনি গুৰু তাঙ্ক বচনে আশ্বাসি।
কোমল মধুৰ কৰি বুলিলন্ত হাসি॥