পৃষ্ঠা:গুৰুচৰিত.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬ গুৰু-চৰিত যত ধন আল তাক বলধি ৰাই। পুনৰপি গৈয়া সব আনিলেক যাই। নৃপতিৰ আগে আনি যোগাইলেক তাক। প্ৰসংশিয়া ৰা বুলিলন্ত বহুবাক।২৯ ধন্য চণ্ডীবৰ বুলি বচনে আশ্বাসি। গৃহক মেলানি পাছে দিল। ৰা হাসি। ৰণ জিনি চণ্ডীবৰ হৰষিত ভৈল। পূত্ৰ সমম্বিতে ভেবে নিজ গৃহে গৈল ২১০ চণ্ডীবৰ আদি ভূঞাসকলৰ পূৰ্বাঞ্চললৈ গমন মহাসুখে কতোদিন আছা তথা ৰহি। বৃদ্ধ ভৈল দেৱীদাস আয়ু গৈল বহি। মনহুখে বলে চণ্ডীবৰ মহামতি।। আমাৰ বংশত দেখো নভৈল সন্ততি॥২১১ ৰাজধৰে বোল পিতৃ শুনা আবে তুমি। মাগো পুৰবৰ সূৰ্য আৰাধিয়া আমি। পুজাৰ সম্ভাৰ যত কৰি এক ঠাই। ঘৃত তিল তণ্ডুলক সবে মিসলাই ২১২ ইক্ষু আখৈ চিড়া কল ধূপ দীপ যত। সূৰ্যক আৰাখি পূজা কৰিলা তাৱত। হেন দেখি সূৰ্যৰ আনন্দ ভৈল মন। আকাশত থাকি বোলে কপ নন্দন॥২১৩