পৃষ্ঠা:গুৰুচৰিত.djvu/৬১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০১
পঞ্চম খণ্ড

অনন্তৰে সাজিলন্ত ভকতৰ ঘৰ।
দেখিয়া হৰিষ বৰ ভৈলা শঙ্কৰৰ॥
কৃষ্ণৰ কীৰ্ত্তন কথা সদায় কৰন্ত।
নাই ৰাত্ৰি দিন সবে আনন্দে থাকন্ত॥২৮০৪
যিটো নিৰাকাৰ জগতৰ আদিভুত।
ছদ্মৰূপে আসি ভৈলা কুসুমৰ সুত॥
সৰ্ব্বপাপ বিমোচন যাক দৰশনে।
কৰিলা উদ্ধাৰ লোকে তেন্তে সনাতনে॥২৮০৫
পৰম ঈশ্বৰ হৰি দৈৱকী নন্দন।
তাহান্তে শঙ্কৰ দেখা জগত তাৰণ॥
হেন নহে বুলি মনে ধান্দা নকৰিবা।
নোহে যদি বোলা তেবে নৰকে পৰিবা॥ ২৮০৬
দেখিয়া নেদেখা তাত বিপৰীত কৰ্ম্ম।
কৃষ্ণ সমে বেকত কৰিলা নামধৰ্ম্ম॥
হেন নি কৰা তানে চৰণে ভকতি।
ইহ পৰলোকে নাই আৰু বিনে গতি॥২৮০৭
দেখিয়া নেদেখা অন্ধ ভৈল দুইয়ো আখি।
নাৰায়ণ মাধৱত লৈয়ো হেন সাখী॥
তাসম্বাৰ মহিমাক কোনে পাইবা অন্ত।
অহৰ্নিশে যিটো গুৰুসেৱা কৰিলন্ত॥২৮০৮
সৰ্ব্ব্দায় ৰাম-কৃষ্ণ মুখে নাম গাই।
গুৰুৰ চৰণে মাত্ৰ হৃদয়ে ধিয়াই॥