পৃষ্ঠা:গুৰুচৰিত.djvu/৬১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০২
গুৰু-চৰিত

গুৰুক সুহৃদ আত্মা বুলি মানি মনে।
কৰন্ত ভকতি সদা গুৰুৰ চৰেণ॥২৮০৯
গুৰুৰ চৰণ বিনে নিচিন্তয় আন।
ভকতৰ মধ্যে দুইয়ো ভকত গহন॥
শঙ্কৰ মাধৱ দুয়ো সমান শকতি।
গুৰুৰ সেৱাৰ বল দেখিয়ো সম্প্ৰতি॥২৮১০
নেৰিবা গুৰুৰ সেৱা সবে হেন জানি।
কাকুতি কৰিয়া বোলো মই অগিয়ানী॥
হেনয় শঙ্কৰ বিনে মোৰ গতি নাই।
ভজিলো তাহাঙ্কে মই দুই চক্ষু খাই॥২৮১১
শুনা সৰ্ব্বজনে বলো যুগুতি বচন।
গুৰুৰ সেৱাক মাত্ৰ কৰিয়ো যতন।
এতেকে তাৰিবে গুৰু নাচান্ত গুণ দোষ।
হুইবেক আপুনি অল্প সেৱাতে সন্তোষ॥২৮১২
হেন জানি ধৰা গুৰুচৰণত ডাটি।
গুচাইবে আপুনি ও দুৰ্ব্বাসনা কাটি॥
যেন হৰি কাটিলে মুকলি হোৱে ভূমি।
পাপ দূৰ কৰা গুৰু সেহিমতে তুমি॥২৮১৩
তেবেসে হৃদয় মোৰ হুইবে যেন শুদ্ধি।
ভকতক লাগি তেবে গুটিবে দুৰ্ব্বুদ্ধি॥
চক্ষুত পটাল *আছে নিচিনে ভক্তক।* চকুৰ জাল।
গুচায়োক গুৰু মোৰ পাপ-পটালক॥২৮১৪