পৃষ্ঠা:গুৰুচৰিত.djvu/৬১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০০
গুৰু-চৰিত

পৰম প্ৰেমত নাচে হাতে তাল বাই।
আনলে, মগন মন পুলকিত কায়॥২৭৯৮
আনন্দসিন্ধুত মন মজিলা সমূলি।
তাল ধৰি নাচে সবে হাত তুলি তুলি॥
আকুলিত ভৈল আতি আনন্দৰ ভৰে।
আলিঙ্গিয়া ধৰি কাকো মাটিত বাগৰে॥২৭৯৯
চতুৰ্ভতি বেঢ়ি চাই আছে নৰ-নাৰী।
ৰাম কৃষ্ণ হৰি নাম লৱে ডাক পাৰি॥
এহিমতে নাচ যেৱে সাঙ্গ কৰিলন্ত।
নিচুকি ৰহিলা তেবে সমস্ত ভকত॥২৮০০
নাৰায়ণে বিত্তসব কুঞ্চে ভৰি লৈলা।
মাধৱে আপুনহাতে দক্ষিণা কৰিলা॥
প্ৰথমে দিলন্ত গুৰু শঙ্কৰদেৱক।
তাত পাচে দিলা ৰামৰাম ভকতক॥২৮০১
পণ্ডিত ব্ৰাহ্মণ যত ভক্ত নিৰন্তৰ।
দক্ষিণায় তুষিলন্ত মন সমস্তৰ॥
বিসৰ্জ্জিলা সভা লোক গৈলা ঘৰা ঘৰি।
শঙ্কৰ মাধৱে ৰৈলা আনন্দক কৰি ॥২৮০২
শুনা সভাসদসব আত আনন্তৰে।
তাত পাচে শুনা যেন কৰিলা শঙ্কৰে॥
সজাইলন্ত ঘৰ পাচে মাটি-ভিঠি কাটি।
গ্ৰাম বাসা লোক আসি কৰি পৰিপাটি॥২৮০৩