পৃষ্ঠা:গুৰুচৰিত.djvu/৫৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিস্তৰ সম্ভাৰ আনি থৈয়ো আছে মহামানী | তাকো তুমি শুনা মহাশয়। প্ৰবাসী মহত শুনি উত্তৰ দিনত গুণি | বোলো মোৰ বচন শুনিয়ে। কৰা তুমি চিত্ত খিৰ শুনা কহে মহাবীৰ | ষোল নাম দূৰতে ত্যজিয়ো॥ ২৬৬১ ইঠাইতে শুনিলে আসি বুলিলন্ত হাসি হাসি নামক যতন কৰি বৰ। পাইবা গুৰু মুখ্যতম তুল্য নাহি যাৰ সম জগতকে কৰিব নিস্তাৰ। হেয় পৰম গুৰু ভকতৰ কল্পতৰু | হৰি ভক্তি কৰিব প্ৰচাৰ। সাধিবে লোকৰ গতি শুনা তুমি মহামতি | এৰা ইটো লোেক ব্যৱহাৰ। ২৬৬২ দণ্ডিবেক পাষণ্ডক | হৰিভক্তি ভকতক | দিবা নিয়া বৈকুণ্ঠত বাস। খণ্ডিবে পাষণ্ড ৰীতি লোকৰ চিস্তিবে হিত অধৰ্মক কৰিব বিলয়। পাইবাহা প্ৰমাণ তাৰ কৈলো আমি সাৰে সাৰ হইবে গুৰু জগতে বিদিত। সুমৰিবা পাচে মোক ভজিবে সমন্তে লোক নামধৰ্ম কৰিয়া নিৰ্ণীত ২৬৩৩