পৃষ্ঠা:গুৰুচৰিত.djvu/৫৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আপোনাৰ লোক ত প লৈয়া।। ব্ৰহ্মপুত্ৰে উজায়া আলিলা সবে পাচে। ২৬৩৮ আপুন দেশক পাচে কালি দুই ভাই। নৰনাৰায়ণ আগে মিলিলে যাই। এক শত নৌকা এক চৰু সুৰূৰ্ণ। মহা মনৰঙ্গে যাই ভেন্টিলে ৰাজাক। ২৬৩৯ নৌকা মুৱক পাই ৰজা ভৈলা ৰঙ্গ। গুচিল পুৰ্বৰ যত আছিলেক অঙ্গ। প্ৰতাপৰ জীক ৰাজাক বিহা দিল। হেন দেখি ৰাজা বৰ আনন্দিত ভৈল ২৬৪০ এহিমতে কততদিন আছে দুই ভাই। পাঞ্চিলেক ৰাজা অসমৰ পৰা যাই। ইটো কথা নাৰায়ণ জান তুমি ভালে। অসমৰ ৰাজ্য গৈয়া মৰি সকলে। ২৬৪১ ধুঞাহাটা বিলাতে আমি অতো মহামুখে। শুনিলোহহা পাচে এক মনুষ্যৰ মুখে। লৌহিত্যৰ সিপাৰত ডাক দিয়া কৈল। কাছ মায়া আইল হেৰা আমাতে কহিল॥ ২৬৪২ আকাশী বচন যেন তাহাৰ শুনিলো। সিকাৰণে আমি ইটো ৰাক আসিলো। ৰামৰাম গুৰু মাধৱ আৰৰ ৰামৰায়। সবন্ধু বান্ধৱে আসি আহা ইটো ঠাই ২৬৪৩