সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৫৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গু-চৰিত শুনা সৰ্বজন ইটো কথা গুহত। শঙ্কৰৰ গুৰ মন্ত্ৰ অন্তৰ পাপৰ। গুৰুৰ চৰিত্ৰ যিটো নুশুনে সাদৰি। যাতনা ভুেিব উপজিবে মৰি মৰি। ২৬৪৪ পৰম পাতকী সিটো মোচনি সবাৰে। গুৰু-লীলা নুশুনিয়া আত্মঘাত কৰে। গুৰু-নিন্দা পাতকীৰ কি কহিবো কথা। গৰু-পশু জন্ম যেন ধৰে সিটো বৃথা। ২৬৪৫ বি ধানৰ ভাত খাই তাহাক জানে। ভকতি মিনতি কোনে দিবে গুৰু বিনে। আনৰ চিন্তাত মোৰ কোন প্ৰয়োজন। গুৰুপদপঙ্কজে মজাক মোৰ মন। ২৬৪৬ নাই নাই নাই মোৰ গুৰু বিনে গতি। কৰ গুৰু পাৱে মই সহস্ৰ প্ৰণতি। পৰম পাতকী মই মলমতি দীন। শঙ্কত বিনে মোৰ গুৰু নাই ভিন। ২৬৪৭ নভালো গুৰুপাৱে মই অ্যাতি। কলি-পাপসাগৰত মহিলো দুৰ্ম্মতি। সত্যে সভ্য সত্যে সত্যে সত্যে গুৰুগতি। গুৰু বিনে নাই গতি জানিলে সম্প্ৰতি। ২৬৪৮ গুলে সুহৃদ আত্ম গুৰু ইষ্টদেৱ। নাই নাই নাই মোৰ আৰু বিনে কে।