পৃষ্ঠা:গুৰুচৰিত.djvu/৫৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪৮
 
গুৰু-চৰিত

নযাইবাৰ দেখি গৌড়েশৰ ক্ৰোধ কৰি।
মিত্ত কৰিবাৰ ছলে নিলে তাঙ্ক ধৰি॥
বন্দী কৰি কাৰাগৃহে যত্ন কৰি থৈল।
শুনা নাৰায়ণ পাচে যেন কথা ভৈল॥২৫৪৫
নদীয়াৰ হস্তে এক আসিলা পণ্ডিত।
বলধে পুস্তক চলে যাৰ সন্নিহিত॥
গৌড়েশ্বৰ নৃপতিয়ে বুলিলা সাদৰি।
চণ্ডীবৰে বন্দীতে বুলিলা ক্ৰোধ কৰি॥২৫৪৬
আৰো দিনা পণ্ডিত সভাত বসিলন্ত৷
গৌড়েশ্বৰৰ আগত বচন বুলিলন্ত॥
বন্দীশালে তোমাৰ আহয় একজন।
তাৰ লগে বাদ কৰিবাৰ মোৰ মন॥২৫৪৭
ৰখীয়াৰ মুখত শুনিলে নৰেশ্বৰ।
বন্দীশালে আছয় পণ্ডিত চণ্ডীবৰ॥
শুনি গোৰেশ্বৰ ততকালে নিয়াইলন্ত।
নাসিত্তক মাতি ডাৰি নখ কটাইলন্ত॥২৫৪৮
স্নান কৰাই পাট পাটবস্ত্ৰ শিলা পিন্ধিবাক৷
বশিলা সভাত আশীৰ্ব্বাদ কৰিবাক॥
দুইকো দুই সম্ভাষিয়া গ্ৰামক পুছিলা।
নামক পতনিপুৰ পণ্ডিতে কহিলা॥২৫৪৯
আত অনন্তৰে কথা শুননা নিৰন্তৰে।
যেনমতে পণ্ডিত জিনিলা চণ্ডীবৰে॥