পৃষ্ঠা:গুৰুচৰিত.djvu/৫৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪৭
 
চতুৰ্থ খণ্ড

বংশাৱলী কথা বাপ কহিয়ো বিশেষ।
অতি পূৰ্ব্বে তোমাথেৰ কোন ৰাজ্য দেশ॥২৫৩৯
শুনিবে উৎসুক বাপ কয়ো নিৰন্তৰ৷
শুনিয়া হৰিষে পাচে মাতিলা শঙ্কৰ॥
পিতামহবৰ্গে কথা কহিছা পূৰ্ব্বত৷
অতি পূূূূূূূৰ্ব্বে আছিলন্ত কনৌজপুৰত॥২৫৪৹
আছন্ত কমতেশ্বৰ কমতা নগৰে৷
গৌড়েশ্বৰ সমে মিত্ৰবতি দুহান্তৰে॥
দশষৰ ব্ৰাহ্মণ কায়স্থ দশ ঘৰ৷
গৌড়েশ্বৰ পাশে খুজিলন্ত কামেশ্বৰ॥২৫৪১
শুনি গৌড়েশ্বৰে মাতি আনন্দ লভিয়া।
কায়স্থ ব্ৰাহ্মণে চৌদ্ধ ঘৰ আনি দিলা॥
নামে লণ্ডাদেৱ ভূঞা ভূঞাত প্ৰধান।
গৌড়েশ্বৰ মাতি তাঙ্ক দিলা সমিধান॥২৫৪২
মিত্ৰৰ কাৰণে দোহে তোমাক পঠাই।
বৎসৰ অন্তৰে আসিবাহা মোৰ ঠাই॥
লণ্ডাদেৱৰ তেন্তে হন্ত পুৰোহিত।
লগতে আসিছা বৰ অদ্ভুত পণ্ডিত॥ ২৫৪৩
ভৈলন্ত প্ৰসিদ্ধ ভূঞা বহুলোক প্ৰাণ।
লগতে উঠয়ে যাৰ আসিখান চান॥
ধনুৰ্দ্ধৰ পাইকসব খাটে বহুতৰ।
গৌড়েশ্বৰ পাশক নবাইয়ে চণ্ডীবৰ॥ ২৫৪৪