পৃষ্ঠা:গুৰুচৰিত.djvu/৫৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪৯
 
চতুৰ্থ খণ্ড

পাত্ৰ–মন্ত্ৰী নৃপতি সমস্বত বসি আছে।
চণ্ডীষৰে পণ্ডিতক বুলিলন্ত পাচে॥২৫৫০
ই ৰাজ্যৰ পণ্ডিতক জিনিলা সবে তুমি।
কোন গ্রামে থাকা কথা কহা শুনাে আমি॥
জগত প্ৰসিদ্ধ ইটো গৌড়েশ্বৰ ৰাজ।
পণ্ডিত ভঙ্গাই আঙ্কো লাঞ্জ॥২৫৫১
হেন শুনি প্রত্যুত্তৰ দিলা দ্বিজবৰ।
থাকোহো পতিনপুৰ নামত নগৰ॥
হেন শুনি দেৱদাস ভূঞা অনুপম।
বােলে আমাথেৰো ধান গােগৰিয়া গ্ৰাম॥২৫৫২
হেন শুনি বিপ্ৰে গৰ্ব্বমদে বসি আছে।
উপহাস্য কৰি তাঙ্ক বুলিলন্ত পাচে॥
একে গৰু নাম তাক গৰীয়া কহিলি।
আপুনাৰ মুখে কথা কহি লঘু ভৈলি॥২৫৫৩
হাসি হাসি কহিলন্ত সমাজক চাই।
আমাৰ পতনিপুৰ উপমাক নাই॥
হেন শুনি দেৱীদাসে বুলিলেক তাক।
কি কাৰণে দ্বিজৰৰ নিন্দিলি আমাক॥২৫৫৪
গৰীয়াৰ কথা কহো শুনা মহামতি।
পৰম মহন্ত সিটো গৰীয়া সম্প্রতি
চক্ষু কাণ নাক মুখ গৰীয়াৰ ভৰি।
কৰিলন্ত কথা দিশ প্ৰকাশিত কৰি॥২৫৫৫