পৃষ্ঠা:গুৰুচৰিত.djvu/৫৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ খণ্ড আচাৰ্য পাতিয়া খৈবে সমস্ত লোক। উপদেশ ধৰি লোক তৰিব বিস্তৰ॥২৪০৮ মাধৱৰ বিয়োগ ভৈলেক আশা ছেদ। কালি কাতি শঙ্কৰে কয় বহু খেদ। মাধৱক শোকে দেখা দিনকে আন্ধাৰ। না নৰ-নাৰী কথা আত অনন্তৰ ২৪০৯ হৰিক কাটিয়া মাধৱক এৰি দিল। জমাইক মৰি কান্দি মাধৱ আসি। উৰ্ধমুখে চাই আহ পন্থক নিৰেখি। আসিলেক মাধৱ ভৈলেক দেখা দেখি ২০১০ মনত হৰি তাৰ আগবাঢ়ি গৈলা। জীলো জীলা বুলি ৰঙ্গে সাৱটি ধৰিলা। মাধৱৰ নেত্ৰ লোহ পৰে সৰসৰি। মাধৱেয়ো প্ৰণামিলা চৰণত পৰি॥২৪১১ কান্দিবাৰ দেখিয়া মনত মহাদুখ। কহিলা বৃত্তান্ত পাচে বস্ত্ৰে মুচি মুখ। পন্থে পাই দুহান্তক আহোমে ধৰি নিলা। এৰি দিলে মোক মোৰ সখিক কাটিল২৪১২ কতবা জন্মৰ ভাগ্য আছয় আমাৰ। সি হেতু চৰণ আসি দেখিলো তোমাৰ। পৰোক শৰীৰ আত নকৰো বিশ্বাস। সু সেৱা বিনে হোৱে ব্যৰ্থে এম নাশ ২৪১৩