পৃষ্ঠা:গুৰুচৰিত.djvu/৫৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২৪
 
গুৰু–চৰিত

এহি বুলি মাধৱে বিস্তাৰ কান্দিলন্ত।
প্ৰিয় বাক্যে শঙ্কৰেও শান্ত কৰিলন্ত॥
কৃষ্ণত ভকত শান্ত সুশীল স্বভাৱ।
শঙ্কৰৰ প্ৰিয়তম সুহৃদ মাধৱ॥২৪১৪
ইসব কথাক আবে এহিমানে থওঁ।
হৰি কিয় কটা গৈলা তাৰ কথা কওঁ॥
ৰামায়ণ কাণ্ডত আছয় তাক কহি।
শুনা একচিত্ত মনে পাপ যাউক দহি॥২৪১৫
পিতৃবাক্যে ৰামচন্দ্ৰ বনৰ গৈলন্ত।
সীতা সমে দণ্ডকা বনত ৰহিলন্ত॥
লগত আছয় আৰো লক্ষ্মণ ভয়াই।
আৰ কোন জন নাহি লগত সদায়॥২৪১৬
বনমধ্যে সীতা পায়া ৰাৱণে হৰিলা।
সীতাক বিচাৰি ৰামে ঋষ্যমুক পাইলা॥
সুগ্ৰীব সহিতে ৰামে সখিত্ব কৰিলা।
বালীক মাৰিয়া সুগ্ৰীৱক ৰাজ্য দিলা॥২৪১৭
সুগ্ৰীৱে বুলিলা ৰাম চৰণত ধৰি।
বাৰিষা কালত মিত্ৰ যুজিত নপাৰি॥
এহি হৌক বুলি ৰামে থাকিলন্ত তথা।
শুনা আত পাচে আৰো যেন ভৈলা কথা॥২৪১৮
ৰাজ্যভোগে সুগ্ৰীৱে ৰামক পাসৰিলা।
সুগ্ৰীৱৰ পাশে ৰামে দূতক পঠাইলা॥