সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৫৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুচৰিত অসম ৰাজাৰ ৰাজ্যে হাতী ধৰা লাগিলেক বাঢ়ভূঞা লোকে সবে নিল। ভূঞাসকলৰ পালি হাতী ভাগি গৈল যেবে | পলাই যেবে বৰক আসিল॥২৩৯৩। ৰাজাৰ আগত লোকে সকলে বৃত্তান্ত কৈল ভৈল কোপ ৰাজাৰ মনত। ভূঞা খৰি নিবে লাগি বৰা এক পাঞ্চি দিল শুনিলেক লোৰ মুখত। পৰিকৰ সৰ্বসক | সবে অন্তৰাই থৈলা | শ আছয় একেৰে। কীৰ্ত্তন পুস্তক খানি আনিবে খুন্তে তাৰ | অহম দুই ভেটিল দুৱাৰে।২৩৯৪। আগ পাচ হুই দুই দ্বাৰক ভেটিয়া বৈল দেখি তাৰ গুণিলা মনত। আৰ যদি আছে লোক তেবে ধৰি নিবে মোক | এৰাই যাওঁ এহি সময়ত। বেগে হাত দিয়া বুকে হেম্পচা মাৰিয়া পেলাই একে জাম্পে দুইহাকো চেৰাইলা। চৌদ্ধয় হাতৰ খাই লাম্ফ দিয়া চেৰাই বেগে লৰ দিয়া দূৰক পলাইল॥২৩৯৫ তত কালে উঠি দুয়ো মহাক্ৰোধ কৰি মনে শঙ্কৰৰ পাচতে খেদিলা।