এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১৯
চতুৰ্থ খণ্ড
শঙ্কৰক নিবত্তিয়া যাহাতে পন্থত পাই
হৰি মাধৱক ধৰি নিলা॥
পন্থত যাহন্তে দুয়ো মাধৱে আলোচি যায়
যদি আগে তোমাক কাটয়৷
মই নাম সুমৰাইবো মোক তুমি গুমৰাইবা
যদি আগে নষ্ট নকৰয়॥ ২৩৯৬
হৰিক ৰাখিয়া থৈল মাধৱক আগে মিল
সন্ধি কৰাইবাৰ দেখিলন্ত।
হাতে মালা কমণ্ডলু তপন্থীৰ ছিহ্ন দেখি
আপুনি মতাই পুছিলন্ত॥
আবে কোন জনে তোক ধৰিয়া আনিলে ঐকে
কহ মোত নকৰিবি ডৰ।
সূৰ্যদেৱেসে মোক ধৰিয়া আমিল এথা
মাধৱদেৱে দিল প্ৰত্যুত্তৰ॥ ২৩৯৭
যি গোটে আনিলে ধৰি তাহাৰ ভুলিয়া নাম
ভয়ে গাৰ কৰে তৰবৰ।
কহিল মাত্ৰকে তাক তমুকালে কাটে মিয়া
শত্ৰুবুদ্ধি নাহি মহন্তৰ॥
বৰা বোলে এক আক শুনি বাজ কৰিলেক
হৰিক ধৰিয়া আগে নিল॥
কোন তই বুলি বৰা ক্ৰোধদৃষ্টি পুছিলেক
শুনি শ্ৰুতি হৰিৰ উৰিল॥ ২৩৯৮