সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৫৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু-চৰিত আগবাঢ়ি শঙ্কৰে এৰিলে বৰিষণ। বান্তে দেখিল আসিহন্তদুয়োন॥২৩৮৫ দেখি প্ৰাণ মাধৱ আসিল বুলি। আথে বেথে শঙ্কৰে সাৱটি ধৰিলন্ত। মনে হেন জানো আজি দুইকে হৰুৱাইলো। দেখি যেন দুইকে হৰুৱা নিধি পাইলে॥২৩৮৬ এহি বুলি গৈলা দেৱ শঙ্কৰ গৃহক। দেখি দুইকো সবে ভক্তে পাইলা আনন্দ। মাধৱদেৱৰ মাতৃ ৰোহিণীয়ে দুই। শোক এৰি থাকিলন্ত আনন্দিত হুই।২৩৮৭ ইটো কথা ধুঞাহাটা * গ্ৰামত নিশ্চয়। আত অনন্তৰে শুনা সভাসদচয়। পৰম গহীন ইটো কথা গুৰুতৰ। লোকক তাৰিবে আসি দয়ালু শঙ্কৰ।২৩৮৮ তানে শিষ্য ৰামদাস তাহান সন্ততি। ৰামচৰণ যে মই অতি অল্পমতি। সংসাৰ তপিত জানা নাই মোত পৰে। ছপাই লৈবাহা মোক আমন্ত শঙ্কৰে॥২৩৮৯ মাধৱত পৰে মোৰ নাই গুৰু আন। বোলা হৰি হৰি হৌক পাপৰ নিৰ্যাণ।২৩৯ জ্ঞাহাটাৰ আন নাম ভূঞ'হাটা। ইয়াত শ্ৰীমন্ত শঙ্কৰদেৱে বেলগছ কইছিল; পাচত সেই অনুসাৰে বেলগুড়ি নাম হয়।