পৃষ্ঠা:গুৰুচৰিত.djvu/৫৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ, ৩ পৰিল গোটেক শিলা সেহি সময়ত। ৰামদাস ভৈৰ বুঢ়া আঙ্গুলি পৃষ্ঠত। মাধৱে বোলত আৱে প্ৰত্যয় কৰিমো। নামৰূপ চিন্তনৰ মহিমা দেখিয়ে ২৩৮০ শুনি ৰামদাসে নাম কীৰ্তন কৰ। এহিমতে দুয়োজন তহিতে আছও। মাধৱদেৱৰ মাতৃ ৰোহিণী গৃহত। মৰিলন্ত দুয়ো বুলি কান্ত শোকত॥২৩৮১ ঘৰ ফুটি শিলা পৰি মানুষ মৰয়। ইমত শিলাত কিবা ভালেতো আছয়। এহি বুলি ক্ৰন্দন কৰয় দুয়ো জনে। কৰিলন্ত অৰুৰে বিষাদ আতি মনে ২৩৮২ প্ৰাণৰ মাধৱ ৰামদাস সমে দুই। ইটে। শিলাবৃষ্টিত নজাননা কিবা হুই। এহিমতে শঙ্কৰে কৰন্ত দুঃখ মন। অনন্তৰে গুচিত শিলা বৰিণ ২৩৮৩ পশু-পক্ষী-গৰু মৰিবাৰ সীমা নাই। ঘৰ ফুটি মানুষ মৰিল ঠাই ঠাই। নল খাগৰা বাটা নাই দেখিবাক। নাই সদ সমান। গাৱত দেখিবাক। ২৩৮৪ বাস মানে যত সবে ধুনাধুনি ভৈল। নল খাগৰা সবে ধুনা উঠি গৈল।