পৃষ্ঠা:গুৰুচৰিত.djvu/৫৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ গু-চৰিত উঠি বেলা মাধৱদেৱৰ মনে ভৈলা। খেত চাহিবাক লাগি পথাৰক গৈলা ২৩৭৪ চাহি খেতি চতুৰ্ভিতি থাকে ফুৰি ফুৰি। নিৰাইবে লাগি তুই কাচি খান ধৰি। কতোক্ষণে ভূই নিৰৱ দুয়ে জন। সেহিবেলা আসিলেক শিলা বৰিষণ ২৩৭৫ ঘোৰ শিলা বাতবৃষ্টি ভৈলা ভয়ঙ্কৰ। হয়োজন আসিবাক নপাৰিা বৰ। আহয় ভুইৰ সীমানাত বাটা গাছি। দামুৰীয়া বাটা আউজাই লৈ আছি।২৩৭৬ তাৰ তলে দুয়োজন পশিলন্ত গৈয়া। উপৰত গা পিঠিয়া খানি দিয়া। তাতে থাকি নামক লৱন্ত দুই জনে। মাত ৰামাসৰ নুশুনি কতোক্ষণে ২৩৭৭ বেলন্ত মাধৱদেৱে কিবা কৰা তুমি। আমদাসে কহিলন্ত ৰূপ চিন্তা আমি। ৰঙ্গিয়া মাধৱদেৱে শুনিয়ে নিশ্চয়। ৰূপ চিন্তিবাৰ তোৰ এহিটো সময় ২৩৭৮ সুস্থ সময়ত ৰূপ চিন্তিবা কৃষ্ণৰ। সঙ্কট সময়ে নাম লৈ মাধৱৰ। পৰম সঙ্কট বেলা মিলিল এখন। কাপ চিন্তা এৰি কৰা নামৰ কীৰ্ত্তন॥২৩৭৯