সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৪৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭১
চতুৰ্থ স্কন্ধ

যিসব অৰ্থক কহে গীতা ভাগৱতে।
সবে অৰ্থ ব্যক্ত হুয়া আছয় গীতাতে॥২১৮১
হাতে তাল ধৰি গীত গায়নে গাৱয়।
শঙ্কৰৰ নৃত্য শুনি হুইলা বিস্ময়॥
অনন্তৰে নাম ধৰিলন্ত ভক্তগণে।
অমৃত বৰিষে যেন ব্ৰাহ্মণৰ মনে॥ ২১৮২
কীৰ্তন কৰয় পালি ঘোষাক গাৱয়।
ওজা পদ বোলে যেন অমৃত সিঞ্চয়॥
কীৰ্তনক সমাপিয়া গৃহে চলি লৈলা।
ৰঙ্গমনে বিপ্ৰে পাচে শয্যাত শুতিলা॥২১৮৩
শঙ্কৰে হৰিষে পাচে শয্যাত শুতিলা।
ৰজনী প্ৰভাত জানি শৰ্য্যাৰ উঠিলা॥
স্নান কৰি বসিলন্ত দেৱৰ মন্দিৰে।
ভাগৱত পাঠ আৰম্ভিলা বিপ্ৰবৰে॥২১৮৪
প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত।
পঢ়িলেক বিপ্ৰে ব্যাখ্যা কৰি ভাগৱত॥
পৰম হৰিষ মনে পঢ়ে বিপ্ৰবৰ।
দূষণ সিদ্ধান্ত দেন্ত আপুনি শঙ্কৰ॥২১৮৫
মহাগ্ৰন্থ ভাগৱত তত্ত্বক বিচাৰি।
শঙ্কৰে কৰিছে পদ মহাযত্ন কৰি॥
জগন্নাথ আজ্ঞা বিপ্ৰে কৰি শিৰোগত।
পঢ়িলা হৰিষে বাহ্ৰ স্কন্ধ ভাগৱত॥২১৮৬