পৃষ্ঠা:গুৰুচৰিত.djvu/৪৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭২
গুৰু-চৰিত

দৈৱকী নন্দনে শঙ্কৰক অংশ মানি।
পঠাইলন্ত বিপ্ৰক নিলা সবে প্ৰাণী॥
ই কথা থাকোক শুন আত অনন্তৰ।
যিমতে মাধৱ শিষ্য ভৈলা শঙ্কৰৰ॥২১৮৭
বাণ্ডুকাত ভ্ৰাতৃ আছে তথাতে গৈলন্ত।
কিছুমান বস্তু তৈৰপৰা আনিলন্ত॥
কতোদিন আছ মহা হৰিষে মনত।
আসিয়া শৰৎকাল ভৈলা উপগত॥২১৮৮
মনত বোলন্ত লাগে দেৱী পুজিবাক।
পঠাওঁ ৰামদাসক ছাগলী কিনিবাক॥
শুনা বোলো বহিনাই তুমি মোৰ বাণী।
দুইগোটা ছাগলী কিনিয়া দিয়া আনি॥২১৮৯
মই যাওঁ হাটক তাম্বুল বেসাইবাক।
নকৰা বিলম্ব লাগে দেৱী পূজিবাক॥
এহি বুলি ৰামদাস হাতে টকা দিলা
বেসাতি কৰিবে লাগি আপুনিয়ো গৈলা॥ ২১৯০
ৰামদাসে টকা হাতে কৰিয়া গৈলন্ত।
ছাগলক কিনিবে প্ৰতি আপুনি লৈলন্ত॥
ছাগলক অন্বেৰে ফুৰয় গ্ৰাম পশি।
শঙ্কৰৰ আগে গৈয়া মিলিলা হৰিষি॥ ২১৯১
শঙ্ক্ৰক দেখিলা আসনে আছে বসি।
গৌৰাঙ্গ শৰীৰ কেন পূৰ্ণিমাৰ শশী॥