পৃষ্ঠা:গুৰুচৰিত.djvu/৪৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫০
গুৰু-চৰিত

আনন্দ কৰিয়া তৈতে একমাস ৰৈল।
ভক্তসকলৰ মনোৰখ সিদ্ধি ভৈল॥২১২০
সৰ্ব্বজয় বোলে বাপ দেখায়ে। আমাক।
ভাণ্ডীৰক নামে বট দেখো আবে তাক॥
হ্ৰদৰ কদম্ব কেন দেখে ৰঙ্গমনে।
যৈত ক্ৰীড়া কৰিছিল গোপ-নাৰীগণে॥ ২১২১
তাক চাহিবাক প্ৰতি হৰিষ আমাৰ।
হেনবা পাতকী তৰো দুৰ্ঘোৰ সংসাৰ॥
শুনি ৰঙ্গে বুলিলন্ত তাসম্বাক চাই।
দেখিবা বৃক্ষক তোৰা কিছো শঙ্কা নাই।২১২২
শঙ্কৰে বোলন্ত শীঘ্ৰে চোৱা ভক্তগণ।
হেন শুনি তেসম্বেয়ো লৰিলা তেখন॥
কতোক্ষণে ভাণ্ডীৰক বট লাগ পাইল।
শঙ্কৰে আনন্দমনে ভক্তক দেখাইল॥ ২১২০
জানু পাৰি সবেয়ে কৰিলা নমস্কাৰ।
বোলে প্ৰভু বট পাপ হৰিয়ো আমাৰ॥
এহি বুলি নমস্কাৰ শঙ্কৰে কৰিলা।
কদম্বৰ সমীপক পুনু চলি গৈলা॥ ২১২৪
তীৰ্থৰ নিয়ম যত সমস্তে কৰিলা।
গঙ্গাক এৰিয়া গয়া তীৰ্থ প্ৰবেশিলা॥
পিতৃ পিতামহ আদি যতেক আছ্ন্ত।
গয়া পিণ্ডদানে সমস্তকে তুষিলন্ত॥ ২১৫