পৃষ্ঠা:গুৰুচৰিত.djvu/৪৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫১
তৃতীয় খণ্ড

দক্ষিণায়ে তুষিলন্ত বিপ্ৰ নিৰন্তৰ।
আনো সৰ্ব্ব তীৰ্থ স্নান কৰিলা শঙ্কৰ।
বিধি অনুৰূপে সবে তীৰ্থ কৰিলন্ত।
যথাযোগ্য শঙ্কৰে সবাকে তুষিলন্ত॥ ২১২৬
শঙ্কৰক দৰশনে মিলে মহাভাগ।
মুখ্য পাণ্ডাসবে শঙ্কৰক নেৰে লাগ॥
উঠি নিৰীক্ষন্ত জগন্নাথৰ মুখক।
জগন্নাথ হৰিষ দেখিবা শঙ্কৰক॥ ২১২৭
শুদ্ধাত্মক ভাৱে চাহিলন্ত আনন্দতে।
নমস্কাৰ কৰি বাজ ভৈলা তৈৰহন্তে॥
মহা প্ৰসাদক বসি ভোজন কৰিলা।
মহাৰঙ্গে কতোদিন ক্ষেত্ৰত বঞ্চিলা॥ ২১২৮
মূখ্য পাণ্ডাসবে লগ নেৰে শঙ্কৰৰ।
পূৰ্ব্ব কথা বাৰ্ত্তা কৰি থাকে নিৰন্তৰ॥
ব্ৰহ্মপুৰাণক চাই শঙ্কৰে কহন্ত।
যেনমতে জগন্নাথ সাক্ষাত ভৈলন্ত॥ ২১২৯
সিসব বৃত্তান্ত কথা শুনিয়া সমস্ত।
ক্ষণপ্ৰায় গৈল দিন সবাৰে মনত॥
অনন্তৰে শঙ্কৰ আসিতে সাজ ভৈলা।
জগন্নাথ প্ৰণামিয়া বিদায় কৰিলা॥ ২১৩০
প্ৰিয়বাক্যে সম্বোধিয়া পাণ্ডা সমস্তক।
আসন্ত শঙ্কৰ যেবে আপুন ৰাজ্যক॥