পৃষ্ঠা:গুৰুচৰিত.djvu/৪৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫১
তৃতীয় খণ্ড

তিনিয়ো বোলন্ত এন্তে জানো সেহি হৰি।
আমাক আনিলা এন্তে জনো কৃপা কৰি॥
গোপীগণ সহিতে ক্ৰীড়িলা কতোদিন।
গোকুলবাসীৰ পাপ কৰিলন্ত ক্ষীণ॥ ২০১৫
কিনো কৃপাময় এতে দয়ালু শঙ্কৰ।
আমাক কৰিলা কৃপা তুমি মহেশৰ॥
তযু সঙ্গে আসিবাক পাইলো পাপমতি।
কোনোবা জন্মত দুয়ো কৰিছো ভকতি॥২১১৬
এহি বুলি স্তুতি নতি কৰিলা বিস্তৰ।
শুনি তাৰে তুষ্ট ভৈলা দয়ালু শঙ্কৰ॥
তাসম্বাক আশ্বাসিয়া বুলিলা বচন।
আশঙ্কা নকৰি তোৰা চাৱা বৃন্দাবন॥ ২১১৭
ভাগ্যেসে চাহিবে পাই পুণ্য ইটো খান।
গুৰুৰ বাক্যত ভক্তে কৰিলেক মান॥
বৃন্দাবন স্থলি ভক্তে ঘূৰি ঘুৰি চাইলা।
মহা বিতোপন বন দৰশন পাইলা॥২১১৮
আনন্দে নধৰে হিয়া দ্ৰ্ৱে ভকতৰ।
সাক্ষাতে দেখিয় যেন বৈকুণ্ঠনগৰ॥
থানৰ মহিয়া গুণ কহন নযায়।
জন্তু পশুগণ যেন মাতিলন্ত যাই॥ ২১১৯
বৃক্ষ তৰু লতাচয় দেখিতে সুন্দৰ।
ভাৱে ভাৱে সবাহক দেখাইলা শঙ্কৰ॥